• Follow Us
  • Call Us7002016529 (সঞ্চালক) 848609396 (অধ্যক্ষা)
  • Login

কুঁহি (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল) লৈ আপোনাক স্বাগতম

২০১৬ চনত স্থাপিত হোৱা শালাপাৰা গাঁৱৰ একমাত্ৰ আগশাৰীৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান 'কুঁহি' ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল খনে বৃহত্তৰ শালপাৰা, শালপাৰা বনগাঁও, শ'লমাৰী, শিঙিমাৰী আৰু কৰৈগুৰি গাঁৱৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক সীমিত মাচুলৰ যোগেদি গুণগত শিক্ষা প্ৰদান কৰি আহিছে।

২০১৬ চনৰ পৰা এই অঞ্চল সমূহৰ শ্ৰদ্ধাৰ অভিভাৱক/ অভিভাৱিকা সকলৰ পৰা আমি অভূতপূৰ্ব সঁহাৰি লাভ কৰি আহিছো। তাৰ বাবে আমি সুখী অনুভৱ কৰিছোঁ।আপোনালোকৰ সহায় সহযোগিতাই এই অনুষ্ঠানটো এখোজ আগবঢ়ি যোৱাত সহায়ক হ'ব।

সদৌ শেষত সকলোৰে সহায় সহযোগিতা কামনা কৰি 'কুঁহি' ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা সকলোলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
ধন্যবাদ।।

বিশেষ সুবিধাসমূহ

২০২৩-২০২৪ শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যালয়খনৰ পৰিচালনা ব্যৱস্থাটো সম্পূৰ্ণৰূপে ডিজিটেল কৰাৰ ওপৰিও বিদ্যালয়খনত বিভিন্ন সেৱা সংযোজন কৰা হৈছে ।

বিশ্বস্তৰৰ শিক্ষানুষ্ঠান সমূহৰ লগত ফেৰ মাৰিব পৰাকৈ শিক্ষাৰ্থী সকলৰ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ যোগেদি দৃশ্য-শ্ৰাব্য আহিলা প্ৰয়োগেৰে আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰবৰ্তন কৰা হৈছে ।
প্ৰাথমিক পৰ্যায়ৰ পৰাই ইংৰাজী ভাষাৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰকাৰ্যমূলক (Functional) দিশটোত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ।
দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ দ্বাৰা শিক্ষাদানেৰে প্ৰত‍্যেক শিশুৰ বাবে গুণগত শিক্ষাৰ নিশ্চিতকৰণ কৰা হয় ।

বিদ্যা অৰ্জনকেই ছাত্ৰৰ প্রধান কৰ্তব্য বুলি কোৱা হয় যদিও বিদ্যা অৰ্জনৰ লগে লগে ছাত্ৰসকলে আন কিছুমান কৰ্তব্যও পালন কৰি যাব লাগে। সাধাৰণতে ছাত্ৰাৱস্থাকেই মানৱ জীৱনৰ ভেটি স্বৰূপ বুলি গণ্য কৰা হয়। সেয়েহে, এই সময়ছোৱাত ছাত্ৰসকলে ভালদৰে শিকি-বুজি ভৱিষ্যতে এজন সৎ আৰু দক্ষ নাগৰিক হৈ নিজৰ লগতে দেশৰ উন্নতি সাধন কৰা উচিত আৰু এই দিশত আমাৰ বিদ্যালয়খনে 2016 চনৰ পৰা এক বিশেষ ভূমিকা পালন কৰি আহিছে ।

- আফ্ৰোজা বেগম, অধ্যক্ষা

শিক্ষা সম্বন্ধীয় আমাৰ মনৰ ধাৰণা সাৰ্থক ৰূপায়ণৰ বাবে লক্ষ্যৰ প্ৰয়োজন। লক্ষ্যই কোনো কথাৰ চিন্তা বা ধাৰণা সুসংগঠিত আৰু সুনিয়ন্ত্ৰিত কৰি তোলে। আমাৰ মনত অসংলগ্নভাৱে নানা কথাৰ চিন্তা, কল্পনা, আশা-আকাংক্ষা, ইচ্ছা আদিয়ে ভুমুকি মাৰিব পাৰে। কিন্তু এই সকলোবোৰ কথাৰেই বাস্তৱ ভিত্তি অথবা বাস্তৱায়নৰ উদ্দেশ্য আমাৰ নাথাকে। কেতবোৰ কথা সাময়িকভাৱে মনত কাল্পনিক আনন্দ পাবৰ বাবেও চিন্তা কৰা হয়। ইয়াৰ কোনো নিৰ্দিষ্ট উদ্দেশ্য বা লক্ষ্য থকা বুলি কোৱা নাযায়। কিন্তু এক সুচিন্তিত কথা বা বিষয় হ’বলৈ হ’লে তাৰ এক স্পষ্ট আৰু নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকিব লাগে। লক্ষ্যৰ প্ৰতি চকু ৰাখিহে আমাৰ চিন্তা আৰু ক্ৰিয়া পৰিচালনা কৰা হয়। ফলত সকলো কথা সংযত, নিয়ন্ত্ৰিত আৰু উদ্দেশ্যপ্ৰণোদিত হৈ উঠে। শিক্ষাও হৈছে এনে এবিধ আলোচ্য বিষয়। ব্যক্তিৰ প্ৰতিটো ক্ষণতে প্ৰয়োজন হোৱা শিক্ষা জীৱনৰ লগত নিবিড়ভাৱে জড়িত। ব্যক্তি-জীৱনৰ লক্ষ্যই শিক্ষাৰ উদ্দেশ্য গঢ় দি তোলে। সেয়েহে প্ৰতিজন শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকৰ মনত নিজ নিজ শিক্ষা কাৰ্যৰ একো একোটা লক্ষ্য বা উদ্দেশ্য অন্তৰ্নিহিত হৈ থাকে। ব্যক্তিগতভাৱে এনে উদ্দেশ্য থকাৰ উপৰিও এখন দেশ, সমাজ অথবা কোনো এক গোষ্ঠী লোকৰ সামূহিকভাৱেও শিক্ষাৰ লক্ষ্য থাকিব পাৰে। এনে লক্ষ্যই সামাজিক জীৱনৰ ভাবধাৰা, ৰাজনৈতিক, অৰ্থনৈতিক তথা সামাজিক গাঁথনি আদি প্ৰস্তুত কৰে। সেয়েহে শিক্ষাৰ লক্ষ্যই ব্যক্তি আৰু সমস্তি উভয়ৰে চিন্তা আৰু ক্ৰিয়া পৰিচালনা কৰে। শিক্ষা-বিষয়ৰ আলোচনাই সকলোতকৈ জটিল আৰু গুৰুত্বপূৰ্ণ বিষয়।



ছায়ীদ আহমেদ, সঞ্চালক

স্মৰণীয় মূহুৰ্তসমূহ